বিটিচি পৰিষদীয় নিৰ্বাচনৰ দোতমা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী #বিভূতি_বৰগীয়াৰীৰ হৈ আজি প্ৰচাৰ সভাত অংশ লওঁ। প্ৰচাৰ জনসভা সম্বোধন কৰি এটা কথা নিশ্চিত হৈছোঁ যে সমষ্টিত আমাৰ দলৰ প্ৰাৰ্থী গৰাকীক বিপুল ভোটৰ জয়ী কৰিবলৈ স্থানীয় ৰাইজ ইতিমধ্যেই সাঁজু হৈছে। ৰাইজৰ অফুৰন্ত সহযোগ আৰু আন্তৰিকতাই আপ্লুত কৰাৰ লগতে ৰাইজৰ আমাৰ প্ৰতি থকা বিশ্বাসক শ্ৰদ্ধাৰে গ্ৰহণ কৰি ৰাইজৰ সেৱাৰ বাবে আমাৰ দলে দৃঢ় লক্ষ্য বান্ধি লৈছোঁ।এই জনসভাখনত মোৰ সৈতে অভিনেতা যতীন বৰা অংশগ্ৰহণ কৰে ৷






