বিটিচি নিৰ্বাচন উপলক্ষে আজি কচুগাঁও, বাওখুংৰী, বনৰগাঁও, দেবৰগাঁও সমষ্টিত অনুষ্ঠিত হোৱা ৰাজহুৱা সভা সম্বোধন কৰোঁ ৷

বিটিচি নিৰ্বাচন উপলক্ষে আজি #কচুগাঁও, #বাওখুংৰী, #বনৰগাঁও, #দেবৰগাঁও সমষ্টিত অনুষ্ঠিত হোৱা ৰাজহুৱা সভা সম্বোধন কৰোঁ ৷ চাৰিওটা সমষ্টিতে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী নথকাৰ হেতুকে আমি সকলো ৰাইজকে বিপিএফক বাদ দি বিবেক ভোট দিবলৈ আহ্বান জনাওঁ ৷ আমি ৰাইজক উক্ত চাৰিটা সমষ্টিত এই কাৰণে বিবেক ভোট দিবলৈ আহ্বান কৰিছো কিয়নো বিপিএফৰ ১২ জন বিধায়ক নিৰ্বাচনত জয়লাভ কৰাৰ পিছত ৩ গৰাকীক মন্ত্ৰীত্ব প্ৰদান কৰা হৈছিল ৷

কিন্তু আমাৰ এজন ব্যক্তি ধৰ্ম নাৰায়ন দাস এমচিএলৰ হৈ জিকাৰ পিছত সেইগৰাকী ব্যক্তিক মোৰ লগতে নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা, সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা আৰু চাৰিখন জিলাৰ সভাপতি ক্ৰমে কাৰ্তিক বড়ো, ৰাম দাহাল, বিপ্লৱ দেৱনাথ আৰু বিভূতি বৰগয়াৰীয়ে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছিলো যে অন্ততঃ আমাৰ একমাত্ৰ নাগ্ৰীজুলিৰ এমচিএল জনক আপোনালোকে কাৰ্যবাহী সদস্য (Executive Member) হিচাপে নিযুক্তি প্ৰদান কৰক ৷

কিন্তু সেই অনুৰোধ প্ৰত্যাখ্যান কৰি তেওঁ কৈছিল যে বিটিচিত যিহেতু আমাৰ কোনো মিত্ৰতা নাই গতিকে আমি EM দিব নোৱাৰিম বুলি কৈ তেওঁ মিত্ৰতা ধৰ্মক অপমান কৰিছিল ৷ যোৱা পঞ্চায়ত নিৰ্বাচনটো তেওঁলোকে আমাৰ বিপৰীতে প্ৰাৰ্থী থিয় কৰাইছিল তাৰোপৰি বিধানসভা নিৰ্বাচনটো ভাৰতীয় জনতা পাৰ্টিৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থী থিয় কৰাইছিলে ৷ তেওঁলোকে যিহেতু মিত্ৰতা ভংগ কৰিছেই সেইকাৰণে আমি চাৰিওটা সমষ্টিতে ৰাইজক বিপিএফক বাদ দি বাকী যিকোনো ব্যক্তিকে বিবেক ভোট দিবলৈ আহ্বান জনাওঁ ৷ বিজেপি প্ৰাৰ্থী নথকা স্বত্তেও আমাৰ আহ্বানক সঁহাৰি জনাই স্বতস্ফুটভাৱে বহু ৰাইজ ওলাই আহে ৷

আগন্তুক দিনত বিধানসভা নিৰ্বাচনলৈ ৰাইজক সাজু হ’বৰ বাবে আহ্বান জনোৱাৰ লগতে এই চাৰিটা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী দিব নোৱাৰাৰ বাবে মই কাৰ্যকৰ্তাসকলৰ ওচৰত ক্ষমাপ্ৰাৰ্থী ৷