নিৰ্বাচনলৈ_সম্ভৱতঃ 123 দিন বাকী আছে…
#Countdown চলি আছে ….আজি নৌ-সেনা দিৱস ৷ দেশৰ স্বাভিমান ৰক্ষাৰ হেতু আত্মবলিদান দিয়া নৌ-সেনা বাহিনীৰ প্ৰতিজন বীৰ শ্বহীদক মই নমন কৰিছো ৷ লগতে জাগ্ৰত প্ৰহৰী হৈ দেশমাতৃক সুৰক্ষা প্ৰদান কৰি নিৰ্ভিকতাৰে তথা পৰাক্ৰমেৰে নিজৰ কৰ্তব্য পালন কৰি থকা প্ৰতিজন জোৱানক মই আজিৰ নৌ-সেনা দিৱসত অভিবাদন জ্ঞাপন কৰিছোঁ ৷ আমি সমগ্ৰ দেশবাসী তেওঁলোকৰ ওচৰত সদায়েই চিৰকৃতজ্ঞ হৈ থাকিম। দেশৰ সেনানী হোৱাৰ গৌৰৱ অৰ্জন কৰিবলৈ ধৈৰ্য, সহ্য, কষ্ট, ত্যাগ আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ অনুশাসন, নিয়মানুৱৰ্তীতা কঠোৰ ভাৱে অনুকৰণ কৰিব লাগিব ৷ তেতিয়াহে লক্ষ্যত উপনীত হ’ব পাৰিব ৷ আজিৰ এই শুভ দিনটোত নৱ-প্ৰজন্মক আহ্বান জনাওঁ যে তোমালোকেও নিয়মানুৱৰ্তীতা, অনুশাসনৰ লগতে কঠোৰ পৰিশ্ৰমেৰে নিজৰ জীৱন গঢ়ি তোলা ৷ তেতিয়াহে তুমি সকলোৰে আৰ্দশ হ’ব পাৰিবা ৷