বিটিচিত সকলো অপ-শাসন, দূৰ্নীতি নাশ কৰি এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত আৰু ৰাইজৰ সহযোগত উদয় হ’ব প্ৰগতি- শান্তিৰ ৰক্তিম বেলি।বিটিচিৰ ৰাইজৰ সকলো অভাৱ- অভিযোগ দূৰ কৰি ৰাইজৰ হকে আন্তৰিকতাৰ সেৱা কৰিবলৈ ভাৰতীয় জনতা পাৰ্টিয়ে দৃঢ় সংকল্প বান্ধি লৈছে।ৰাইজেও যে অতি আন্তৰিকতাৰে বিজেপিক বিটিচিৰ শাসন দিব খুজিছে তাৰে প্ৰমাণ পুনৰ লাভ কৰিলোঁ আজি মথনগুৰিত প্ৰাৰ্থী #গৌতম_দাস আৰু ভৌৰবকুণ্ডৰ প্ৰাৰ্থী #বিৰদাও_বসুমতাৰীৰ বাবে অনুষ্ঠিত হোৱা দুয়োখন প্ৰচাৰ জনসভাত। উক্ত সভা দুখনতে ৰাইজৰ বিপুল সঁহাৰি দেখি নিশ্চিত হ’লো যে দুয়োটা সমষ্টিতে আমাৰ দলৰ প্ৰাৰ্থীৰ বিজয় এশ শতাংশ নিশ্চিত।সমষ্টি দুটাত সম-উন্নয়ণৰ বাবে অতি ক্ষীপ্ৰতাৰে আমাৰ দল আৰু প্ৰাৰ্থী দুগৰাকীয়ে ৰাইজৰ সেৱা কৰিবলৈ অত্যন্ত আগ্ৰহ আৰু আন্তৰিকতাৰে অপেক্ষা কৰিছে।আজি মথনগুৰি সভাত মোৰ লগতে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই অংশগ্ৰহণ কৰে ৷ আনহাতে, ভৌৰবকুণ্ডত মোৰ সৈতে উপস্থিত থাকে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, উপ-সভাপতি পুলক গোহাঁই আৰু সাংসদ তথা ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱলোচন দাসৰ লগতে দলীয় বিষয়ববীয়াসকল ৷