চলিত বৰ্ষৰ নবেম্বৰ মাহত সহস্ৰাধিক “সদৌ অসম ছাত্ৰ সন্থা”ৰ প্ৰাক্তন বিষয়ববীয়াই “ভাৰতীয় জনতা পাৰ্টি” ত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ পিছত ডিচেম্বৰ মাহৰ আজিৰ তাৰিখত সহস্ৰাধিক “সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থা” ৰ প্ৰাক্তন বিষয়ববীয়াই আনুষ্ঠানিকভাৱে “ভাৰতীয় জনতা পাৰ্টি” ত যোগদান কৰে।

#গুৱাহাটীত_সহস্ৰাধিকৰ_ভাৰতীয়_জনতা_পাৰ্টিত_যোগদান

চলিত বৰ্ষৰ নবেম্বৰ মাহত সহস্ৰাধিক “সদৌ অসম ছাত্ৰ সন্থা”ৰ প্ৰাক্তন বিষয়ববীয়াই “ভাৰতীয় জনতা পাৰ্টি” ত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ পিছত ডিচেম্বৰ মাহৰ আজিৰ তাৰিখত সহস্ৰাধিক “সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থা” ৰ প্ৰাক্তন বিষয়ববীয়াই আনুষ্ঠানিকভাৱে “ভাৰতীয় জনতা পাৰ্টি” ত যোগদান কৰে। যোগদান কৰা সকলো বিষয়ববীয়াক দললৈ উষ্ম আদৰণি জনাইছোঁ আৰু আশা ৰাখিছোঁ অনাগত দিনত তেখেতসকলে যাতে ভাৰতীয় জনতা পাৰ্টিৰ দৰ্শন, আদৰ্শৰে ৰাইজৰ বাবে সেৱা মনোভাৱেৰে দলৰ হৈ নিৰন্তৰ কাম কৰি যায়। শংকৰদেৱ কলাক্ষেত্ৰত আজিৰ এই যোগদান কাৰ্যসূচীত মোৰ সহিতে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, সাংসদ তথা ৰাজ্যিক সাধাৰণ সম্পাদক তপন কুমাৰ গগৈ, অনুসূচীত জাতি মৰ্চাৰ সভাপতি নবাৰুণ মেধি, ৰাজ্যিক সম্পাদক কৃষ্ণমনি চুতীয়া আৰু বেনুধৰ নাথ উপস্থিত থাকে।