#দতমা বজাৰত আজি স্থানীয় কাৰ্যকৰ্তা আৰু ৰাইজৰ সৈতে পদযাত্ৰাৰে প্ৰাৰ্থী #বিভূতি_বৰগীয়াৰীৰ হৈ প্ৰচাৰ অভিযানত অংশ লওঁ। সমষ্টিটোৰ ব্যৱসায়- প্ৰতিষ্ঠান সমূহৰ সৈতে জড়িত ব্যক্তিসকলক সাক্ষাৎ কৰোতে তেখেতসকলে আমাক আন্তৰিকতাৰে অভিবাদন জনায় ৷
মই প্ৰতিজনৰে সৈতে মত বিনিময় কৰি উপলব্ধি কৰিছো যে- বিটিচি বিগত সময়ৰ অপশাসন তথা দুৰ্নীতিৰ কবলৰ পৰা ৰাইজ মুক্ত হ’ব বিচাৰিছে আৰু অতি আন্তৰিকতাৰে ভাৰতীয় জনতা পাৰ্টিয়ে বিটিচিত এককভাৱে চৰকাৰ গঠন কৰাটো বিচাৰিছে। পদযাত্ৰা কালত ৰাইজৰ উষ্ম আদৰনি আৰু আন্তৰিক সহযোগত মই অভিভূত হৈ পৰিছো আৰু মনত যথেষ্ট প্ৰেৰণা আৰু সাহস পাইছো ৷ দতমাবাসী ৰাইজক প্ৰগতি আৰু উন্নয়নৰ বাবে বিজেপিৰ পক্ষত নিজৰ নিজৰ মূল্যবান ভোট সমূহ প্ৰদান কৰিবলৈ আন্তৰিকতাৰে আহ্বান জনাইছোঁ।






