কোকৰাঝাৰ জমদুৱাৰ সমষ্টিত বিপিএফক বাদ দি বিবেক ভোট দিবলৈ ৰাইজক আহ্বান
কোকৰাঝাৰ জিলাৰ জমদুৱাৰ সমষ্টিত আজি এখন সাংগঠনিক সভা সম্বোধন কৰোঁ৷ যোৱাবাৰ এই সমষ্টিত চন্দন নাৰ্জাৰীয়ে ৩১৪৭ ভোট পোৱাৰ পিছতো এইবাৰ আমি প্ৰাৰ্থী দিব নোৱাৰাৰ বাবে আজি সমষ্টিটোলৈ গৈ কাৰ্যকৰ্তাসকলক সাক্ষাৎ কৰি এষাৰ মাত লগাওঁ ৷ যিহেতু এই সমষ্টিত আমি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী দিব নোৱাৰিলো সেয়েহে কাৰ্যকৰ্তাসকলে বিচাৰিছে যে ইয়াতে বিপিএফক সহায় কৰিব নালাগে ৷ লগতে ইয়াৰ ৰাইজেও বিপিএফক বাদ দি অন্য প্ৰাৰ্থীক বিবেক ভোট প্ৰদান কৰিব বিচাৰিছে ৷সেইকাৰণে কাৰ্যকৰ্তাসকলৰ অনুৰোধৰ আধাৰত জমদুৱাৰত বিপিএফক বাদ দি অন্য দলৰ প্ৰাৰ্থীক বিবেক ভোট দিবলৈ আহ্বান জনাওঁ ৷এই সভাত মোৰ সৈতে মাননীয় ৰাজ্যসভাৰ সাংসদ কামাখ্য প্ৰসাদ তাছা ডাঙৰীয়া উপস্থিত থাকে ৷







