সৰাইবিলতৰাইজেবিচাৰেপ্ৰগতিসেয়েৰাইজে ল’লে পণ এইবাৰ শাসনত কেৱল বিজেপি

#সৰাইবিলতৰাইজেবিচাৰেপ্ৰগতিসেয়েৰাইজে_ল‘লে_পণ_এইবাৰ_শাসনত_কেৱল_বিজেপি

স্থায়ী শান্তি আৰু প্ৰগতিৰ বাবে এইবেলি এককভাৱে বিজেপিক শাসনভাৰ দিবলৈ দৃঢ় প্ৰতিজ্ঞা লৈছে বিটিচিৰ ৰাইজে। এই প্ৰতিজ্ঞাৰ যেন প্ৰতিফলন দেখিলোঁ আজি সৰাইবিলত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীৰ হৈ সম্বোধন কৰা বিশাল ৰাজহুৱা জনসভাত। ৰাইজৰ বিপুল সঁহাৰি আৰু আদৰৰ মাজত অনুষ্ঠিত হোৱা এই জনসভাই প্ৰমাণ কৰিলে সৰাইবিলত আমাৰ প্ৰাৰ্থীৰ জয় নিশ্চিত। সৰাইবিলৰ প্ৰতিগৰাকী সন্মানীয় ভোটাৰক বিজেপিৰ পক্ষত বহুমূলীয়া ভোট প্ৰদান কৰিবলৈ আন্তৰিক অনুৰোধ জনালোঁ। আজি এই জনসভাত মোৰ সহিতে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া উপস্থিত থাকে ৷