বিশাল_পদযাত্ৰাৰে_বাসুগাঁৱৰ_ৰাইজে_প্ৰমাণ_কৰাই_দিলে_যে_১৩নং_চিৰাং_পৰিষদীয়_সমষ্টিও_এইবাৰ_বিজেপিৰ_দখলত বাসুগাঁৱত ৰাইজৰ বিপুল অংশগ্ৰহণ, অফুৰন্ত উৎসাহ আৰু আন্তৰিক সহযোগত আজি বিশাল পদযাত্ৰাৰে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাও।

#বিশাল_পদযাত্ৰাৰে_বাসুগাঁৱৰ_ৰাইজে_প্ৰমাণ_কৰাই_দিলে_যে_১৩নং_চিৰাং_পৰিষদীয়_সমষ্টিও_এইবাৰ_বিজেপিৰ_দখলত বাসুগাঁৱত ৰাইজৰ বিপুল অংশগ্ৰহণ, অফুৰন্ত উৎসাহ আৰু আন্তৰিক সহযোগত আজি বিশাল পদযাত্ৰাৰে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাও। অগণন ৰাইজে সঁহাৰি জনোৱা এই পদযাত্ৰাত অংশগ্ৰহণ কৰি মই এটা কথা উপলব্ধি কৰিছোঁ যে সকলো স্তৰৰ ৰাইজে অতি বিশ্বাসৰে আমাক তথা আমাৰ দলক গ্ৰহণ কৰিছে। আবাল-বৃদ্ধ- বনিতা সকলোৰে সপোনক সাকাৰ ৰূপ যে কেৱল বিজেপি দলেহে দিব পাৰিব এই কথা ৰাইজেও উপলব্ধি কৰিছে ৷ ৰাইজৰ এই বিশ্বাস আৰু উপলব্ধিয়ে এই বেলি বাসুগাঁৱকে ধৰি বিটিচিৰ আন পৰিষদীয় সমষ্টিত বিজেপি প্ৰাৰ্থীয়ে বিপুল ভোটত জয়ী হ’ব ৷ এই পদযাত্ৰাত মোৰ সহিতে সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া আৰু স্থানীয় কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰে।