ছালাকাটি সমষ্টিত কলীয়া ডাৱৰ আঁতৰাই আহিব বিজেপি, প্ৰগতি আৰু বিকাশেৰে কৰিব উন্নতি আজি কোকৰাঝাৰ জিলাৰ ছালাকাটিত বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ সমষ্টিটোৰ মহিলা প্ৰাৰ্থী “শ্ৰীমতী কবিতা বসুমতাৰী”ৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে অনুষ্ঠিত হোৱা জনসভা সম্বোধন কৰোঁ ৷

ছালাকাটি সমষ্টিত কলীয়া ডাৱৰ আঁতৰাই আহিব বিজেপি, প্ৰগতি আৰু বিকাশেৰে কৰিব উন্নতি আজি কোকৰাঝাৰ জিলাৰ ছালাকাটিত বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ সমষ্টিটোৰ মহিলা প্ৰাৰ্থী “শ্ৰীমতী কবিতা বসুমতাৰী”ৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে অনুষ্ঠিত হোৱা জনসভা সম্বোধন কৰোঁ ৷ ১২ নং ছালাকাটি (জনজাতীয় সমষ্টি) ৰ নিৰ্বাচনী জনসভাত বৃহৎ সংখ্যক ৰাইজৰ স্বতফুট অংশগ্ৰহণে মোক মুগ্ধ কৰিলে ৷ আগৰবাৰৰ সভাতকৈও আজিৰ সভাত ৰাইজৰ উপস্থিতি দেখি মই বিষ্ময় মানিছো ৷ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি ৰাইজৰ মৰম আৰু আদৰ দিনক দিনে বৃদ্ধি হোৱা দেখি উৎসাহিত হৈছো ৷ সভাত সকলো ৰাইজকে প্ৰগতি আৰু উন্নয়নৰ একমাত্ৰ ভৰষা ভাৰতীয় জনতা পাৰ্টিক বহুমুলীয়া ভোট দি জয়যুক্ত কৰিবলৈ বিনম্ৰ আহ্বান জনাওঁ ৷ লোকে লোকৰণ্য এই জনসভাত মোৰ লগতে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু মাননীয় মন্ত্ৰী নৱ দলে ডাঙৰীয়া উপস্থিত থাকে ৷