বিটিচিৰ নিৰ্বাচনত বিজেপিৰ বাউণ্ডেৰী কোকৰাঝাৰত আজি প্ৰাতঃভ্ৰমণৰ সময়তে ধেমালিতে ক্ৰিকেট খেলত অংশগ্ৰহণ কৰিছিলো ৷ প্ৰথম বলটো বেটত সংযোগ কৰিব নোৱাৰিছিলো যদিও দ্বিতীয়টো বল কোবাই বাউণ্ডেৰীৰ বাহিৰলৈ মাৰি পঠিয়ালো ৷ বাউণ্ডেৰী কোবোৱাৰ পিছতে মোৰ এনেকুৱা অনুভৱ এটা হ’ল যে যোৱাবাৰ হয়তো বিটিচি নিৰ্বাচনত আমি মিছ কৰিছিলো কিন্তু এইবাৰ যে বাউণ্ডেৰী কোবাব পাৰিম সেইটোত মই নিশ্চিত হৈছো ৷ কোকৰাঝাৰৰ মাটিতে আজি নিজেই বাউণ্ডেৰী কোবাই বিটিচি নিৰ্বাচনটো বাউণ্ডেৰী কোবাব পাৰিম বুলি আশা ৰাখিছো ৷ সমূহ কাৰ্যকৰ্তাৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ শুভাকাঙ্খীসকলৰ পৰা আৰ্শীবাদ বিচাৰিছো কিয়নো কোকৰাঝাৰ আৰু চিৰাং জিলাৰ অন্তিমখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ আজি আবেলি সামৰণি মাৰিম ৷ সেয়েহে সকলো ৰাইজক তেখেতসকলৰ মৰম আৰু আদৰৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি সকলোৰে পৰা আৰ্শীবাদ কামনা কৰিছো যাতে বিটিচিত আমি বাউণ্ডেৰী মাৰিব পাৰো ৷





