কোকৰাঝাৰৰ চেৰফ্ৰাংগুৰি বজাৰত দোকানে দোকানে গৈ বিটিচি নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যসূচী সামৰণি মাৰিলো আজি বিটিচি নিৰ্বাচন উপলক্ষে কোকৰাঝাৰৰ চেফ্ৰাংগুৰি বজাৰ পৰিদৰ্শন কৰোঁ ৷ এনেকৈ আমাৰ আকস্মিক পৰিদৰ্শনত সকলোৱে উৎকণ্ঠিত হোৱাৰ লগতে যথেষ্ট উৎসাহিত হয় ৷ ৰাইজৰ লগত আমি মত বিনিময় কৰি সকলোৰে মনৰ বুজ লওঁ ৷ ৰাইজৰ লগত কথা পাতি গম পালো যে ভাৰতীয় জনতা পাৰ্টি ইতিমধ্যেই বিটিচিৰ সকলো শ্ৰেণীৰ ৰাইজৰ মনত স্থান লাভ কৰিছে ৷ আদৰ আৰু মৰমত সকলোৱে আৰ্শীবাদ কৰে ৷ এই আৰ্শীবাদ আমাৰ কাম্য ৷ ৰাইজৰ আৰ্শীবাদ শিৰত লৈ চেৰফ্ৰাংগুৰি বজাৰত দোকানে দোকানে যোৱাৰ পিছতেই বিটিচি নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যসূচী সামৰণি মাৰিলো ৷ সমূহ ৰাইজলৈ মোৰ সেৱা তথা কৃতজ্ঞতা জ্ঞাপন কৰিলো ৷ আপোনালোকৰ মৰম, চেনেহ তথা আৰ্শীবাদ পাই মই নিজকে ধন্য মানিছো আৰু ভাৰতীয় জনতা পাৰ্টিক বিজয়ী কৰাবলৈ সকলোকে আহ্বান জনাওঁ ৷ আজিৰ এই প্ৰচাৰ সভাত মোৰ লগতে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া আৰু ঢেকিয়াজুলীৰ বিধায়ক তথা জ্যেষ্ঠ নেতা অশোক সিংঘাল ডাঙৰীয়াইও উপস্থিত থাকে ৷







