ঐতিহাসিক অসম আন্দোলনৰ মহান শ্বহীদ সকলৰ স্মৃতি চিৰযুগমীয়া কৰাৰ উদ্দেশ্যে এইয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ আজি শ্বহীদ দিৱসৰ দিনা জাতীয় শ্বহীদসকলক তেখেতসকলৰ মহান ত্যাগক স্মৰণ কৰি একাঁজলি শ্ৰদ্ধাঞ্জলী অৰ্পণ কৰোঁ ৷

ঐতিহাসিক #অসম_আন্দোলনৰ মহান শ্বহীদ সকলৰ স্মৃতি চিৰযুগমীয়া কৰাৰ উদ্দেশ্যে এইয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ আজি শ্বহীদ দিৱসৰ দিনা জাতীয় শ্বহীদসকলক তেখেতসকলৰ মহান ত্যাগক স্মৰণ কৰি একাঁজলি শ্ৰদ্ধাঞ্জলী অৰ্পণ কৰোঁ ৷

আজি শ্বহীদ দিৱস উপলক্ষে গুৱাহাটীৰ খানাপাৰা স্থিত #অসম_চুক্তি ৰূপায়ন বিভাগৰ কাৰ্যালয়ৰ চৌহদত অনুষ্ঠিত হোৱা শ্বহীদ দিৱস উদ্ যাপন আৰু অসম আন্দোলন তথ্যকোষ গ্ৰন্থ উন্মোচনী সভাত অংশগ্ৰহণ কৰি #অসম_আন্দোলনৰ_তথ্যকোষ গ্ৰন্থখনিৰ উন্মোচন কৰোঁ ৷ এই সভাত মোৰ উপৰিও মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, সাংসদ কুইন ওজা ডাঙৰীয়ানী, মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, বিধায়ক অতুল বৰা ডাঙৰীয়াকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷