২ নং বৰঙণি সমষ্টি আৰু ১ নং জামাদাৰী সমষ্টিত ৰাইজৰ বিশাল সমাগম তথা বিপুল সঁহাৰিৰে তিৱা স্বায়ত্ত্বশাসিত পৰিষদীয় নিৰ্বাচনী প্ৰচাৰ আজিৰে পৰা আৰম্ভ কৰিলোঁ

২ নং বৰঙণি সমষ্টি আৰু ১ নং জামাদাৰী সমষ্টিত ৰাইজৰ বিশাল সমাগম তথা বিপুল সঁহাৰিৰে তিৱা স্বায়ত্ত্বশাসিত পৰিষদীয় নিৰ্বাচনী প্ৰচাৰ আজিৰে পৰা আৰম্ভ কৰিলোঁ সমাগত #তিৱা_স্বায়ত্ত্বশাসিত_পৰিষদীয় নিৰ্বাচনী প্ৰচাৰৰ হেতু আজি #২_নং_বৰঙণি_সমষ্টিৰ প্ৰাৰ্থী #অংকুৰ_দেউৰী আৰু #১_নং_জামাদাৰী সমষ্টিৰ প্ৰাৰ্থী #দুলাল_চন্দ্ৰ_বহ্ম ৰ হৈ দুখন ৰাজহুৱা সভা সম্বোধন কৰোঁ। দুয়োখন সভাতে স্থানীয় ৰাইজ তথা দলৰ কাৰ্যকৰ্তা সকলৰ উৎসাহ- উদ্দীপনা দেখি আনন্দিত হৈছোঁ। ৰাইজৰ আমাৰ প্ৰতি থকা আস্থা আৰু বিশ্বাসে এই পৰিষদীয় নিৰ্বাচনত আমাক বিজয়ী কৰাব বুলি মই নিশ্চিত হৈছোঁ। আজিৰ এই দুয়োখন সভাতে মোৰ সহিতে দলৰ জ্যেষ্ঠ নেতা ৰাজেন গোঁহাই ডাঙৰীয়া আৰু বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা ডাঙৰীয়ানী উপস্থিত থাকে ৷