২০ নং বাৰপূজীয়া আৰু ২৩ নং জৰাবাৰী সমষ্টিৰ জনসভাত বিশাল জনসমাৱেশে প্ৰমাণ কৰে যে তিৱা স্বায়ত্ত্বশাসিত পৰিষদীয় নিৰ্বাচনত এইবাৰ বিজেপি অপ্ৰতিৰোধ্য আগন্তুক #তিৱা_স্বায়ত্ত্বশাসিত_পৰিষদীয় নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি #২০_নং_বাৰপূজীয়া_সমষ্টিৰ প্ৰাৰ্থী #কমল_বৰদলৈ আৰু #২৩_নং_জৰাবাৰী সমষ্টিৰ প্ৰাৰ্থী #গীতামনি_কলিতা_ভূঞাৰ হৈ দুখন ৰাজহুৱা সভা সম্বোধন কৰোঁ। দুয়োখন সভাতে ৰাইজৰ স্বতঃস্ফুট আগমনে মোক মুগ্ধ কৰিলে ৷ সভাত উপস্থিত থকা বিশাল জনসমাৱেশে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি ৰাইজৰ মৰম আৰু আস্থাকে প্ৰতিফলন কৰিলে ৷ ৰাইজৰ উৎসাহ-উদ্দীপনা দেখি দুয়োটা সমষ্টিতে আমাৰ দলৰ প্ৰাৰ্থীৰ নিৰংকুশ বিজয় সাৱ্যস্ত হ’ব বুলি মই নিশ্চিত হ’লো ৷ আজিৰ এই দুয়োখন সভাতে মোৰ সহিতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা দলৰ জ্যেষ্ঠ নেতা ৰাজেন গোঁহাই ডাঙৰীয়া আৰু মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়া উপস্থিত থাকে ৷






