বিটিচিত UPPL, BJP আৰু GSP ৰ মিত্ৰজোটৰ চৰকাৰ গঠন হ’ব ৷ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তত্বাৱধানত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷
এই জয় ৰাইজৰ জয়, এই জয় কাৰ্যকৰ্তাসকলৰ জয় ৷ বিটিচিবাসী ৰাইজৰ অফুৰন্ত মৰম আৰু কাৰ্যকৰ্তা সকলৰ অক্লান্ত পৰিশ্ৰমৰ পৰিপ্ৰেক্ষিততেই আমি বিজয় সাৱ্যস্ত কৰিবলৈ সক্ষম হ’লো ৷ আপোনালোকক মোৰ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ৷ পৰিৱৰ্তন আৰু উন্নয়নৰ স্বাৰ্থত আপোনালোকৰ জনাৰ্দেশ শিৰত লৈ আগন্তুক দিনত প্ৰকৃতাৰ্থত বিকাশ আৰু উন্নয়নৰ ন-দিগন্তৰ সূচনা কৰিম বুলি প্ৰতিশ্ৰুতি দিলো ৷ সততা আৰু নিষ্ঠাসহকাৰে ৰাইজৰ সেৱা আগবঢ়াবৰ বাবে বিটিচিত UPPL, BJP আৰু GSP ৰ মিত্ৰজোটৰ চৰকাৰ গঠন কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ তত্বাৱধানত তিনিওটা দলৰ মাজত হোৱা আলোচনা মৰ্মে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াক নতুনকৈ শপত গ্ৰহণ কৰিবলগীয়া চৰকাৰ খনৰ নেতা হিচাপে মনোনীত কৰা হয় ৷
Sarbananda Sonowal
Himanta Biswa Sarma
Bharatiya Janata Party (BJP)






