সকলো জাতি-জনগোষ্ঠীক একেলগে লৈ সমন্বয়ৰ সেঁতু গঢ়ি এখন সমৃদ্ধিশালী অসম গঢ়াই বিজেপি দলৰ পণ। সৰ্বত্ৰে স্থায়ী শান্তি প্ৰতিষ্ঠা, প্ৰগতি, বিকাশ আৰু উন্নয়নেই হ’ল আমাৰ দল আৰু চৰকাৰৰ মুলমন্ত্ৰ। এই মুলমন্ত্ৰকে লৈ আজি সমাগত তিৱা স্বায়ত্ত্বশাসিত পৰিষদীয় নিৰ্বাচনৰ হেতু #২৬নংডিমৰীয়া সমষ্টিৰ প্ৰাৰ্থী #মিলেশ্বৰদেউৰী, #৩২নংডিগাৰুসমষ্টিৰ প্ৰাৰ্থী #জবাইংতি, #৩৩নংক্ষেত্ৰীসমষ্টিৰ প্ৰাৰ্থী #দিব্যলতাবৈশ্য, #৩৪নংসোনাপুৰসমষ্টিৰ প্ৰাৰ্থী #পৰেশৰহাং, #৩৫নংআমনীসমষ্টিৰ প্ৰাৰ্থী #ভৱেশবাহাৰ, #৩৬নংফং-আৰিৰ প্ৰাৰ্থী #টিকেনবসুমতাৰীৰ হৈ ৬খন নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন কৰোঁ ৷ আটাইকেইখন সভাত জনতা জনাৰ্দনৰ অংশগ্ৰহণে আপ্লুত কৰাৰ লগতে বিশ্বাস দিলে যে- প্ৰগতি আৰু উন্নয়নৰ বাটত সবল খোজ দিবৰ বাবে বিজেপি দলৰ সৈতে ৰাইজ সাঁজু হৈছে। সকলোকে বিজেপিৰ পক্ষে ভোট প্ৰদান কৰি সমৃদ্ধিৰ নৱ-আলোকৰ যাত্ৰাত অংশীদাৰ হ’বলৈ অনুৰোধ জনালোঁ। সভাসমূহত মোৰ সৈতে সাংসদ ভূৱনেশ্বৰ কলিতা ডাঙৰীয়া, কুইন ওজা ডাঙৰীয়ানী, সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া, বিধায়ক অতুল বৰা ডাঙৰীয়া, জিলা সভাপতি মৃগেন শৰনীয়া সহিতে বিভিন্ন দলীয় কাৰ্যকৰ্তাসকল উপস্থিত থাকে ৷





