অনুপম সাংস্কৃতিক বৈভৱ আৰু এক কর্মঠ-যুঁজাৰু শক্তিৰে বলবান তিৱাসকলৰ সর্বাংগীন উন্নয়ণৰ বাবে সদাসংকল্পবদ্ধ ভাৰতীয় জনতা পার্টি আজি তিৱা স্বায়ত্ত্বশাসিত পৰিষদীয় নিৰ্বাচনৰ #২৭নংকাকীসমষ্টিৰ প্ৰাৰ্থী #সুভাষ_বসুমতাৰী দেৱৰ হৈ নিৰ্বাচনী সভা সম্বোধন কৰোঁ ৷ সৰ্বস্তৰৰ ৰাইজৰ নিৰন্তৰ সেৱাৰে ৰাজ্যখনক প্ৰগতিৰ বাটত নতুন গতি দিয়াই বিজেপি দলৰ অন্যতম প্ৰধান লক্ষ্য। সকলো জাতি- জনগোষ্ঠী, ভাষা-ভাষীৰ লোকক একেলগে লৈ সন্মান সহকাৰে ৰাজ্যখনত যাতে শান্তি- প্ৰগতি- সমৃদ্ধিৰ প্ৰতিষ্ঠা হয় তাৰ বাবেই আমি নিৰন্তৰ কাম কৰি আহিছোঁ। আজিও সেই একেই লক্ষ্য আৰু মনোভাৱেৰে তথা প্ৰগতি- শান্তি- নিঃস্বাৰ্থ সেৱাৰ পণ লৈ সমষ্টিৰ ৰাইজৰ কাষলৈ আহিছোঁ। সকলোৰে আশীষ আৰু সহযোগিতা কামনা কৰিছোঁ। এই সভাখনত মোৰ সৈতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাই ডাঙৰীয়া, ৰাজ্যিক সম্পাদক দীপ্লুৰঞ্জন শৰ্মা, লামডিঙৰ বিধায়ক শিবু মিশ্ৰ, হোজাই জিলা ভা.জ.পা সভাপতি অনুপ দেৱ, কলিয়াবৰৰ জিলা ভা.জ.পা সভাপতি অনিল শইকীয়া উপস্থিত থাকে ৷








