বৈচিত্ৰময় ঐতিহ্যৰে অসমীয়া সমাজ জীৱনৰ ভেঁটি সৰ্বদা শক্তিশালী কৰি অহা তিৱা ৰাইজৰ সৰ্বতোপ্ৰকাৰৰ প্ৰগতিৰ বাবে নিৰন্তৰ আমি সেৱা কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

বৈচিত্ৰময় ঐতিহ্যৰে অসমীয়া সমাজ জীৱনৰ ভেঁটি সৰ্বদা শক্তিশালী কৰি অহা তিৱা ৰাইজৰ সৰ্বতোপ্ৰকাৰৰ প্ৰগতিৰ বাবে নিৰন্তৰ আমি সেৱা কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

সমাগত তিৱা পৰিষদীয় নিৰ্বাচনৰ হেতু আজি #৩০নং_নামবৰ_লালুং_সমষ্টিৰ_প্ৰাৰ্থী_ইন্দ্ৰ_বৰদলৈ আৰু #৩১নং_লালুংপাৰ_সমষ্টিৰ_প্ৰাৰ্থী_মদন_বৰদলৈৰ হৈ বিশাল প্ৰচাৰ জনসভা সম্বোধন কৰোঁ। ভাৰতীয় জনতা পাৰ্টিৰ দুয়োগৰাকীৰ প্ৰাৰ্থীৰ প্ৰতি ৰাইজৰ মৰমে আমাক সকলোকে আপ্লুত কৰিলে। ৰাইজক বিজেপিৰ পক্ষত ভোট প্ৰদান কৰি দুয়ো গৰাকী প্ৰাৰ্থীকে আপোনাসৱৰ বাবে সেৱাৰ সুবিধা প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। আজিৰ সভাত মন্ত্ৰী চুমু ৰংহাং দেৱ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন বৰগোঁহাই দেৱ, ৰাজ্যিক সম্পাদক দীপ্লু ৰঞ্জন শৰ্মা, নগাওঁ জিলা ভা.জা.পা সভাপতি অভিজিৎ নাথ, নগাওঁ সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, কলিয়াবৰ জিলা ভা.জা.পা সভাপতি অনিল শইকীয়া উপস্থিত থাকে।