বিটিচিৰ মিত্ৰজোঁটৰ নতুন পাৰিষদখনৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়াকে ধৰি মিত্ৰজোঁটৰ প্ৰতিগৰাকী সদস্যক আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৷কোকৰাঝাৰত অনুষ্ঠিত বিটিচিৰ নতুন কাৰ্যবাহী পৰিষদৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকি বিটিচিৰ নতুন মুখ্য কাৰ্যনিৰ্বাহক সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ সহিতে মিত্ৰজোঁটৰ সকলো সদস্যকে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ।বিজেপি মিত্ৰজোটৰ চৰকাৰখনে বিটিচিত প্ৰমোদ বড়ো ডাঙৰীয়াৰ দক্ষতা আৰু সু- নেতৃত্বৰে অনাগত সময়ত বিটিচিৰ সৰ্বাংগীন উন্নতিৰ বাবে নিৰন্তৰভাৱে কাম কৰি যাব বুলি আজি দৃঢ়তাৰে বিটিচিৰ ৰাইজক অৱগত কৰিছোঁ।আজিৰ এই শপত গ্ৰহণ অনুষ্ঠানত মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া ডাঙৰীয়া, অসম চৰকাৰৰ মাননীয় মন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া, জিএচপিৰ সভাপতি নৱ শৰণীয়া ডাঙৰীয়াকে আদিকৰি তিনিওটা দলৰ বিজয়ী প্ৰাৰ্থী সকল আৰু দলীয় বিষয়ববীয়াসকল উপস্থিত থাকে ৷








