বিৰামহীন কাৰ্যসূচীৰে লক্ষ্য আমাৰ বিজেপি+= ১০০+ সমাগত ২০২১ ৰ বিধানসভা নিৰ্বাচনক লক্ষ্য হিচাপে লৈ আজি হেঙেৰাবাৰীস্থিত বিজেপি মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা ৰাজ্যিক বিষয়ববীয়া সভাত অংশগ্ৰহণ কৰে নৱ-নিযুক্ত প্ৰভাৰী বৈজয়ন্ত পাণ্ডা ডাঙৰীয়া আৰু সহঃ প্ৰভাৰী পৱন শৰ্মা ডাঙৰীয়াই

#বিৰামহীন_কাৰ্যসূচীৰে_লক্ষ্য_আমাৰ_বিজেপি+= ১০০+ সমাগত ২০২১ ৰ বিধানসভা নিৰ্বাচনক লক্ষ্য হিচাপে লৈ আজি হেঙেৰাবাৰীস্থিত বিজেপি মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা ৰাজ্যিক বিষয়ববীয়া সভাত অংশগ্ৰহণ কৰে নৱ-নিযুক্ত প্ৰভাৰী বৈজয়ন্ত পাণ্ডা ডাঙৰীয়া আৰু সহঃ প্ৰভাৰী পৱন শৰ্মা ডাঙৰীয়াই ৷ দুয়ো গৰাকী প্ৰভাৰীয়ে অংশগ্ৰহণ কৰা প্ৰথমখন সভাত মোৰ লগতে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া ডাঙৰীয়া, উত্তৰ-পূৱ ক্ষেত্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক অজয় জামৱাল ডাঙৰীয়া আৰু দলীয় বিষয়ববীয়াসকল উপস্থিত থাকে ৷ ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশে ইতিমধ্যেই অনাগত ‘২১ ৰ নিৰ্বাচনত আমাৰ দল আৰু মিত্ৰ দলে ১০০+ আসন দখল কৰাৰ দৃঢ় লক্ষ্য বান্ধি লৈছো ৷ এই সংকল্প আগত ৰাখি এই গুৰুত্বপূৰ্ণ সভাত ‘২১ ৰ নিৰ্বাচন সম্পৰ্কত ৰণকৌশল তৈয়াৰ কৰাৰ লগতে দলৰ সাংগঠনিক ভেটি আৰু কিদৰে মজবুত কৰিব পাৰি এই বিষয়ত বিশদ আলোচনা কৰা হয়।দলৰ নীতি- আৰ্দশক সৰোগত কৰি কাৰ্যকৰ্তা সকলৰ অপৰিসীম সেৱা আৰু ৰাইজৰ আশীষে আমাক আমাৰ লক্ষ্যত উপনীত কৰিব বুলি মই আশা প্ৰকাশ কৰিছোঁ।