ভাৰতীয় জনতা পাৰ্টি বিৰামহীন কাৰ্যসূচীৰে নিশ্চিত লক্ষ্যৰ দিশে শক্তিশালীভাৱে আগবাঢ়িছে। এনে বিৰামহীন কাৰ্যসূচীৰ অংশ হিচাপেই আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দলৰ সন্মানীয় জিলা সভাপতি আৰু জিলা প্ৰভাৰী সকলৰ সৈতে এখন অতি গুৰুত্বপূৰ্ণ সভাত মিলিত হওঁ ৷
এই সভাতে বিটিচি নিৰ্বাচনত জয়ী হোৱা ভাৰতীয় জনতা পাৰ্টিৰ ৯জন বিধায়কক সম্বৰ্ধনা জনাওঁ ৷ প্ৰতিগৰাকী বিধায়ককে আগন্তুক দিনত সেৱাৰ মনোভাৱেৰে ৰাইজৰ সামগ্ৰিক উন্নয়নৰ হকে সততা আৰু নিষ্ঠাৰে কাম কৰি যাবলৈ আহ্বান জনাওঁ ৷
সভাত তৃণমূলকৰ্মী সকলৰ সৈতে অধিক প্ৰত্যক্ষ ভাৱে জড়িত জিলা সভাপতি আৰু প্ৰভাৰীসকলক দলৰ তৃণমূলৰ সকলো কাৰ্যকৰ্তাকে নিষ্ঠাৰে কাম কৰিবলৈ উৎসাহ যোগাবলৈ আহ্বান জনোৱাৰ লগতে ২১ নিৰ্বাচনৰ বাবে শক্তিশালী ভাৱে ৰণকৌশল তৈয়াৰ কৰাৰ সম্পৰ্তো বিশদ ভাৱে আলোচনা কৰোঁ ৷
উক্ত সভাত মোৰ সহিতে অসমৰ প্ৰভাৰী বৈজয়ন্ত পাণ্ডা ডাঙৰীয়া, সহঃ প্ৰভাৰী পৱন শৰ্মা ডাঙৰীয়া, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, সাংসদ তথা ৰাজ্যিক সাধাৰণ সম্পাদক তপন গগৈ, পল্লৱলোচন দাস আৰু ডাঃ ৰাজদ্বীপ ৰয়, সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰনাথ শৰ্মা আৰু দলীয় বিষয়ববীয়াসকল উপস্থিত থাকে ৷






