ভাৰতীয় জনতা পাৰ্টিৰ মৰ্চা ৰাজ্যিক সভাপতি আৰু সাধাৰণ সম্পাদক, কোষ আহ্বায়ক আৰু সহঃ কোষ আহ্বায়ক সকলৰ সৈতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, গুৱাহাটীত এখনি গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ কৰোঁ ৷ আগন্তুক ২০২১ বিধানসভা নিৰ্বাচনত তেখেতসকলৰ ভূমিকা সন্দৰ্ভত আলোচনাত মিলিত হওঁ ৷ প্ৰতিগৰাকী বিষয়ববীয়াকে নিজ নিজ দায়িত্ব সূচাৰুৰূপে পালন কৰিবলৈ সকলোকে আহ্বান জনাওঁ ৷ আজিৰ এই সভাত মোৰ সৈতে প্ৰভাৰী বৈজয়ন্ত পাণ্ডা ডাঙৰীয়া, সহঃ প্ৰভাৰী পৱন শৰ্মা ডাঙৰীয়া, সাংসদ তথা ৰাজ্যিক সাধাৰণ সম্পাদক তপন গগৈ ডাঙৰীয়া আৰু পল্লৱলোচন দাস ডাঙৰীয়া, সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া আৰু দলীয় বিষয়ববীয়াসকল উপস্থিত থাকে ৷





