বিশেষভাৱে মেডিয়া, ছ’চিয়েল মিডিয়াৰ ক্ষেত্ৰত আমি অতি ক্ষীপ্ৰতাৰে, দক্ষতাৰে সময়ৰ সৈতে খোজ মিলাই কাম কৰিব লাগিব। এই ক্ষেত্ৰত মই দলৰ আই টি বিভাগৰ সন্মানীয় কাৰ্যকৰ্তা সকলক অতি সজাগ হৈ কাম কৰিবলৈ আহ্বান জনাইছোঁ।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, গুৱাহাটীত আজি অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক মুখপাত্ৰ, পেনেলিষ্ট, মেডিয়া বিভাগ, ছ’চিয়েল মিডিয়া বিভাগ আৰু আই টি বিভাগৰ গুৰুত্বপূৰ্ণ সভাত উপস্থিত থাকি বিভাগীয় কাৰ্যকৰ্তা সকলৰ সৈতে আগন্তুক ২০২১ ৰ বিধানসভা নিৰ্বাচন আৰু সাংগঠনিক কেইবাটাও গুৰুত্বপূৰ্ণ দিশ সম্পৰ্কত আলোচনা কৰা হয়। বিশেষভাৱে মেডিয়া, ছ’চিয়েল মিডিয়াৰ ক্ষেত্ৰত আমি অতি ক্ষীপ্ৰতাৰে, দক্ষতাৰে সময়ৰ সৈতে খোজ মিলাই কাম কৰিব লাগিব। এই ক্ষেত্ৰত মই দলৰ আই টি বিভাগৰ সন্মানীয় কাৰ্যকৰ্তা সকলক অতি সজাগ হৈ কাম কৰিবলৈ আহ্বান জনাইছোঁ। দলৰ সকলো সন্মানীয় কাৰ্যকৰ্তাৰ সেৱা, দক্ষতাই আমাক সঠিক লক্ষ্যত উপনীত কৰিব বুলি মই দৃঢ় বিশ্বাসী। আজিৰ এই সভাত মোৰ সৈতে প্ৰভাৰী বৈজয়ন্ত পাণ্ডা ডাঙৰীয়া, সহঃ প্ৰভাৰী পৱন শৰ্মা ডাঙৰীয়া, সাংসদ তথা ৰাজ্যিক সাধাৰণ সম্পাদক তপন গগৈ ডাঙৰীয়া আৰু পল্লৱলোচন দাস ডাঙৰীয়া, সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া আৰু দলীয় বিষয়ববীয়াসকল উপস্থিত থাকে ৷

Image may contain: 1 person, playing a musical instrument and on stage