দেশৰ অন্নদাতা কৃষক সকলৰ বাবে সদায় ভাৰতীয় জনতা পাৰ্টিৰ দল আৰু চৰকাৰে দায়বদ্ধতাৰে তথা নিষ্ঠাৰে কাম কৰিবলৈ যত্ন কৰিছে।

আমাৰ অন্নদাতা কৃষকসকল সদায় আমাৰ সন্মানৰ আৰু আদৰৰ

দেশৰ অন্নদাতা কৃষক সকলৰ বাবে সদায় ভাৰতীয় জনতা পাৰ্টিৰ দল আৰু চৰকাৰে দায়বদ্ধতাৰে তথা নিষ্ঠাৰে কাম কৰিবলৈ যত্ন কৰিছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন কেন্দ্ৰীয় আৰু মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰ দুখনে বহু শক্তিশালী সিদ্ধান্তৰে বহু বাধাৰ প্ৰাচীৰ ভাঙি কৃষকসকলৰ সু-নিশ্চিত সুৰক্ষাৰ বাবে কেইবাটাও দৃষ্টান্তমুলক পদক্ষেপ হাতত লৈছে।

বিৰোধীৰ বহু বাধা আৰু চৰকাৰক অস্থিৰ কৰাৰ চলনাৰে কৃষক সকলক ব্যৱহাৰ কৰা প্ৰতিটো অপশক্তিৰ নানা বাধাৰ পিছতো কৃষক সকলৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ দল আৰু চৰকাৰে দৃঢ়তাৰে নিজৰ কৰ্তব্য কৰি গৈছে।

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ উদ্যােগত আজি অনুষ্ঠিত হোৱা “কৃষক সন্মিলনী” ত উপস্থিত থাকি সন্মানীয় কৃষক সকলৰ সৈতে মত বিনিময় কৰি যথেষ্ট মুগ্ধ আৰু উপকৃত হ’লো। আজিৰ এই অনুষ্ঠানত মোৰ লগতে উপস্থিত থাকে ৰাজ্যিক প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা দেৱ, সহঃ প্ৰভাৰী পৱন শৰ্মা দেৱ, ৰাজ্যিক সাধাৰণ সম্পাদক তপন গগৈ, পল্লব লোচন দাস, ৰাজ্যিক কৃষাণ মৰ্চাৰ সভাপতি প্ৰফুল্ল বৰা সহিতে ৰাজ্যিক বিষয়ববীয়া, কাৰ্যকতা আৰু অসমৰ সন্মানীয় কৃষক সকল উপস্থিত থাকে।