বৰাক ভেলীত বিজেপিৰ ভেটি অধিক শক্তিশালী কৰিবলৈ আজি শিলচৰ বিধানসভা ভিত্তিক দলীয় সাংগঠনিক সভা সম্বোধন কৰোঁ ৷ *শিলচৰ সমষ্টিত ২০২১ ত ৫০ হাজাৰতকৈও অধিক ভোটত জয়লাভ কৰাৰ সম্ভাৱনা* ২০২১ ৰ বিধানসভা নিৰ্বাচনত বিজেপি + = ১০০+ ৰ লক্ষ্যক সাকাৰ ৰূপ দিবলৈ দলৰ সকলো কাৰ্যকৰ্তাই বিৰামহীন কৰ্মসূচীৰে দল আৰু ৰাইজৰ সেৱা অব্যাহত ৰাখিছে। আজি কাছাৰ জিলাৰ ৯ নং শিলচৰ বিধানসভা ভিত্তিক দলৰ এখন সাংগঠনিক সভা সম্বোধন কৰোঁ ৷ এই সভাত অনাগত নিৰ্বাচন আৰু দলৰ সাংগঠনিক ক্ষেত্ৰখন আৰু অধিক মজবুত কৰাৰ বাবে বিভিন্ন ৰণ কৌশল যুগুত কৰাৰ লগতে বিভিন্ন দিশ সম্পৰ্কত আলোচনা কৰা হয়। সভাত উপস্থিত থাকি বুথৰ সভাপতি সকল, শক্তিকেন্দ্ৰ সন্মিলনী আৰু কাৰ্যকৰ্তাসকলৰ পৰা পোৱা তথ্য অনুযায়ী আগন্তুক ২০২১ ৰ বিধানসভা নিৰ্বাচনত শিলচৰ সমষ্টিত ৫০ হাজাৰতকৈও অধিক ভোটত জয়যুক্ত হ’বলৈ সক্ষম হ’ম বুলি জানিব পাৰি সন্তুষ্টি প্ৰকাশ কৰিছোঁ৷








