আগন্তুক ‘২১ ৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ ১০০+ ৰ লক্ষ্যক সফল ৰূপায়ন কৰিবলৈ দলৰ প্ৰতিজন কাৰ্যকৰ্তায়েই ইতিমধ্যেই নিজৰ সৰ্বোচ্চ প্ৰদানেৰে নিৰন্তৰভাৱে সেৱা অব্যাহত ৰাখিছে।

আগন্তুক ২০২১ৰ বিধানসভা নিৰ্বাচনত আমাৰ ১০০+ লক্ষ্যত কৰিমগঞ্জ জিলাৰ বদৰপুৰ বিধানসভা সমষ্টিয়ে অন্যতম গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি মই নিশ্চিত বৰাকভেলীৰ ভ্ৰমণ কালৰ আজি দ্বিতীয় দিনা কৰিমগঞ্জ জিলাৰ বদৰপুৰ বিধানসভা ভিত্তিক সাংগঠনিক সভা সম্বোধন কৰি কাৰ্যকৰ্তাসকলৰ উষ্ম সম্ভাষণ তথা ৰাইজৰ অপৰিসীম মৰম আদৰ পাই উৎফুল্লিত হ’লো ৷ আগন্তুক ‘২১ ৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ ১০০+ ৰ লক্ষ্যক সফল ৰূপায়ন কৰিবলৈ দলৰ প্ৰতিজন কাৰ্যকৰ্তায়েই ইতিমধ্যেই নিজৰ সৰ্বোচ্চ প্ৰদানেৰে নিৰন্তৰভাৱে সেৱা অব্যাহত ৰাখিছে। মই কৰিমগঞ্জ জিলাৰ বদৰপুৰ বিধানসভা সমষ্টিৰ প্ৰতিজন কাৰ্যকৰ্তাকে আহ্বান জনাইছোঁ- দলৰ নীতি- আৰ্দশ সৰোগত কৰি, নিজ নিজ সেৱা সমূহ সকলোৱে অব্যাহত ৰাখি বদৰপুৰৰ পৰাও ১০০+ ৰ লক্ষ্যত সহযোগিতা আগবঢ়াওক। আজিৰ এই সভাত মোৰ সহিতে সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰনাথ শৰ্মা, সাংসদ তথা ৰাজ্যিক সাধাৰণ সম্পাদক ডাঃ ৰাজদ্বীপ ৰয়, বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ বিশ্বৰূপ ভট্টাচাৰ্য, কৰিমগঞ্জ জিলাৰ সভাপতি সুব্ৰত ভট্টাচাৰ্যৰ লগতে দলীয় বিষয়ববীয়সকল উপস্থিত থাকে ৷