কাছাৰ জিলাৰ ধলাই সমষ্টিৰ কাৰ্যকৰ্তাৰ উদ্যমে দিলে ১০০+ লক্ষ্যৰ প্ৰতি সাহসৰ সমল ক্ৰমাগতভাৱে বিটিচি আৰু তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত বিজেপি দলৰ বৃহৎ সাফল্যৰ আঁৰতেই আছিল কাৰ্যকৰ্তা সকলৰ নিষ্ঠাৰে কৰা সেৱা আৰু অপৰিসীম ত্যাগৰ লগতে ৰাইজে আমাৰ প্ৰতি ৰখা বিশ্বাস আৰু আস্থা

কাছাৰ জিলাৰ ধলাই সমষ্টিৰ কাৰ্যকৰ্তাৰ উদ্যমে দিলে ১০০+ লক্ষ্যৰ প্ৰতি সাহসৰ সমল ক্ৰমাগতভাৱে বিটিচি আৰু তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত বিজেপি দলৰ বৃহৎ সাফল্যৰ আঁৰতেই আছিল কাৰ্যকৰ্তা সকলৰ নিষ্ঠাৰে কৰা সেৱা আৰু অপৰিসীম ত্যাগৰ লগতে ৰাইজে আমাৰ প্ৰতি ৰখা বিশ্বাস আৰু আস্থা। ২০২১ ৰ নিৰ্বাচনো ১০০+ ৰ আমাৰ লক্ষ্যত উপনীত হ’বলৈ আমাক লাগিব ৰাইজৰ আশীষ আৰু কাৰ্যকৰ্তা সকলৰ ত্যাগ আৰু সেৱা মনোভাব। ১০০+ ৰ লক্ষ্যক সাকাৰ ৰূপ দিবলৈয়ে ৰাজ্যজুৰি আমাৰ কাৰ্যকৰ্তা সকলে নিৰন্তৰ নিজ নিজ দায়িত্ব পালন কৰিছে। মইও মোৰ দায়িত্ব হিচাপেই ৰাজ্যিক সতীৰ্থ সকলৰ সৈতে আজি বৰাক ভ্ৰমণৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি উপস্থিত হওঁ কাছাৰ জিলাৰ ধলাই বিধানসভা সমষ্টিত ৷ ধলাই বিধানসভা সমষ্টিত উপস্থিত হৈ কাৰ্যকৰ্তা সকলৰ সৈতে সম্বোধন কৰো এখন সাংগঠনিক সভা। এই সভাত ধলাইত কিদৰে আমাৰ দলে ‘২১ ৰ নিৰ্বাচনৰ বাবে কাম কৰিব! ১০০+ ৰ লক্ষ্যত উপনীত হ’বলৈ কি ৰণ কৌশল হাতত ল’ব! এই বিষয়ত বিশদ ভাৱে আলোচনা কৰি কাৰ্যকৰ্তা সকলক অনাগত সময়লৈ নিষ্ঠাৰে কাম কৰি যাবলৈ শুভেচ্ছা জনালোঁ। স্থানীয় কাৰ্যকৰ্তা সকলৰ উদ্যম আৰু সেৱা মনোভাৱে মোক ১০০+ লক্ষ্যৰ প্ৰতি ইতিবাচক আত্মবল প্ৰদান কৰিলে। আজিৰ এই সভাত মোৰ লগতে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰনাথ শৰ্মা, সাংসদ তথা ৰাজ্যিক সাধাৰণ সম্পাদকদ্বয় তপন গগৈ আৰু ডাঃ ৰাজদ্বীপ ৰয়, কাছাৰ জিলা ভা.জা.পা সভাপতি কৌশিক ৰায় আৰু দলীয় বিষয়ববীয়াসকল উপস্থিত থাকে ৷