কাছাৰ জিলাৰ সোণাই বিধানসভা সমষ্টিৰ কাৰ্যকৰ্তাৰ আত্মবিশ্বাসে মুগ্ধ কৰিলে “বিজেপি+= ১০০+”এই লক্ষ্যৰ বাস্তৱ ৰূপ দিবলৈ সম্প্ৰতি সদা ব্যস্ত আমাৰ কাৰ্যকৰ্তা বন্ধুসকল। মইও এই লক্ষ্যত দলক উপনীত কৰাবৰ বাবেই নিৰন্তৰ বৰাকৰ সতীৰ্থ সকলৰ সৈতে আলাপ- আলোচনা তথা সভা-সমিতিত ব্যস্ত হৈছোঁ। আজি কাছাৰ জিলাৰ সোণাই বিধানসভা সমষ্টিত অনুষ্ঠিত দলৰ সাংগঠনিক সভা সম্বোধন কৰি সোণাইত দলৰ সাম্প্ৰতিক স্থিতি সম্পৰ্কে কাৰ্যকৰ্তা সকলৰ পৰা বুজ ল’লো। সভাতে সোণাই ভাৰতীয় জনতা পাৰ্টি প্ৰতি ৰাইজৰ আস্থাক জীয়াই ৰাখি কিদৰে ক্ৰমাৎ দলৰ স্থিতি আৰু অধিক শক্তিশালী কৰিব পাৰি তাৰ বিষয়ে বিশদভাৱে আলোচনা কৰোঁ।
সোণাইৰ কাৰ্যকৰ্তা সকলৰ সৰল অথচ গভীৰ আত্মবিশ্বাসে মোক মুগ্ধ কৰিলে। মই নিশ্চিত হৈছোঁ সুন্দৰৰ বাটেদি গৈ মোৰ সোণাইৰ কাৰ্যকৰ্তা সকলে ৰাইজৰ আস্থাৰ পাত্ৰ হ’ব পাৰিব সদায়। উক্ত সভাত মোৰ সৈতে সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰনাথ শৰ্মা, সাংসদ তথা ৰাজ্যিক সাধাৰণ সম্পাদকদ্বয় তপন গগৈ আৰু ডাঃ ৰাজদ্বীপ ৰয়, সোণাই সমষ্টিৰ বিধায়ক আমিনুৰ হক লস্কৰ আৰু কাছাৰ জিলা ভা.জ.পাৰ সভাপতি কৌশিক ৰায়ৰ লগতে দলীয় বিষয়ববীয়াসকল উপস্থিত থাকে ৷







