কাছাৰ জিলাৰ কাটিগড়া বিধানসভা সমষ্টিৰ কাৰ্যকৰ্তাৰ আগ্ৰহ আৰু উদ্যমে আপ্লুত কৰিলে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ২০২১ৰ দৃঢ় লক্ষ্য বিজেপি+=১০০+ ৰ লক্ষ্যক এশ শতাংশ সফল কৰিবলৈ কাৰ্যকৰ্তা সকলৰ লগতে মইও দলৰ সভাপতি হিচাপে বৰাকভেলীত কাৰ্যকৰ্তা সকলৰ সৈতে নিৰন্তৰ কৰ্মসূচী অব্যাহত ৰাখিছোঁ।
আজি কাছাৰ জিলাৰ কাটিগড়া বিধানসভা সমষ্টিত এই উদ্দেশ্যই দলৰ এখনি গুৰুত্বপূৰ্ণ সাংগঠনিক সভা সম্বোধন কৰোঁ। কাৰ্যকৰ্তা সকলৰ সৈতে সাংগঠনিক দিশ আৰু ২১ ৰ ৰণ- কৌশল সম্পৰ্কত আলোচনা কৰাৰ লগতে কাৰ্যকৰ্তা সকলৰ মতামতো গ্ৰহণ কৰি কিছু নিৰ্দিষ্ট সিদ্ধান্ত গ্ৰহণ কৰোঁ। কাটিগড়াৰ কাৰ্যকৰ্তা সকলৰ উদ্যমৰ লগতে আগ্ৰহে মোক যথেষ্ট আপ্লুত কৰিলে। কাৰ্যকৰ্তা সকলৰ এই উদ্যম আৰু আগ্ৰহে আমাক নিশ্চিত লক্ষ্যত উপনীত কৰিব বুলি মই বিশ্বাস কৰিছোঁ। আজিৰ এই সভাত মোৰ সৈতে সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰনাথ শৰ্মা, সাংসদ তথা ৰাজ্যিক সাধাৰণ সম্পাদকদ্বয় তপন গগৈ আৰু ডাঃ ৰাজদ্বীপ ৰয়, কাটিগড়াৰ বিধায়ক অমৰ চান্দ জৈন আৰু কাছাৰ জিলা ভা.জ.পাৰ সভাপতি কৌশক ৰায়কে ধৰি দলীয় বিষয়ববীয়াসকল উপস্থিত থাকে ৷