“কাছাৰ জিলাৰ বৰখলা বিধানসভা সমষ্টিত কাৰ্যকৰ্তাৰ আন্তৰিক সেৱাই আৰু অধিক শক্তিশালী কৰিব বিজেপিৰ ভেঁটি”

“কাছাৰ জিলাৰ বৰখলা বিধানসভা সমষ্টিত কাৰ্যকৰ্তাৰ আন্তৰিক সেৱাই আৰু অধিক শক্তিশালী কৰিব বিজেপিৰ ভেঁটি” কাটিগড়াৰ সাংগঠনিক সভা সামৰি দিনটোৰ দ্বিতীয়খন সাংগঠনিক সভা সম্বোধন কৰোঁ কাছাৰ জিলাৰ বৰখলা বিধানসভা সমষ্টিত। উদ্যমী কাৰ্যকৰ্তা সকলৰ সৈতে বিশদভাৱে আলোচনা কৰোঁ অন্য সমষ্টিসমূহৰ দৰে ইয়াতো কিদৰে দলৰ সাংগঠনিক ভেঁটি আৰু অধিক মজবুত কৰি আমাৰ ১০০+ লক্ষ্য সাকাৰ ৰূপ দিয়াৰ সন্দৰ্ভত।

দলীয় কাৰ্যকৰ্তা সকলে অতি আন্তৰিকতাৰে দল আৰু ৰাইজৰ সেৱা কৰি আহিছে। তেখেত সকলৰ নিঃস্বাৰ্থ আৰু আন্তৰিক সেৱাই আমাৰ দলক ৰাইজৰ বুকুত শক্তিশালী ভাৱে প্ৰতিষ্ঠা কৰি ৰাখিব বুলি মই দৃঢ়বিশ্বাসী। উক্ত সভাত মোৰ সৈতে সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰনাথ শৰ্মা, সাংসদ তথা ৰাজ্যিক সাধাৰণ সম্পাদকদ্বয় তপন গগৈ আৰু ডাঃ ৰাজদ্বীপ ৰয়, বৰখলা সমষ্টিৰ বিধায়ক কিশোৰ নাথ আৰু কাছাৰ জিলা ভা.জ.পাৰ সভাপতি কৌশিক ৰায়ৰ লগতে দলীয় বিষয়ববীয়াসকল উপস্থিত থাকে ৷