১০০+ৰ সপোন হ’ব সফল, কাছাৰ জিলাৰ লক্ষীপুৰ বিধানসভা সমষ্টিৰ কাৰ্যকৰ্তাৰ অফুৰন্ত উদ্যমে প্ৰদান কৰিলে নিশ্চিতি ৷ প্ৰগতিশীল, সমৃদ্ধিশীল আৰু স্থায়ী শান্তি, সম্প্ৰীতিৰ ধাৰা আজিৰ দৰে অব্যাহত ৰাখিবলৈ ৰাজ্যত যে বাৰে বাৰে লাগিব বিজেপিৰ চৰকাৰ এই কথাক গভীৰভাৱে বুজি উঠিছে ৰাজ্যৰ সকলো স্তৰৰ জনসাধাৰণে। জনসাধাৰণৰ এই গভীৰ আস্থা আৰু উপলব্ধিক শ্ৰদ্ধাৰে জীয়াই ৰখাৰ দায়িত্ব বিজেপিৰ প্ৰতিজন কাৰ্যকৰ্তাৰে। কাৰ্যকৰ্তাৰ উদ্যম আৰু সেৱা মনোভাৱক সন্মানৰে উৎসাহ দিবলৈ আৰু আগন্তুক দলীয় কাম-কাজ সতৰ্কতাৰে, নিষ্ঠাৰে কিদৰে সমাপন কৰা হ’ব তাৰ বিশদ আলোচনাৰ বাবে কাছাৰ জিলাৰ লক্ষীপুৰ বিধানসভা সমষ্টিত অনুষ্ঠিত দলীয় সাংগঠনিক সভা সম্বোধন কৰোঁ। কাৰ্যকৰ্তা সকলৰ সৈতে মত বিনিময় কৰি অতি আন্তৰিকতাৰে বিশ্বাস জন্মিছে যে ১০০+ সপোন সাকাৰ দিবলৈ লক্ষীপুৰৰ কাৰ্যকৰ্তাসকল সম্পূৰ্ণৰূপে সাঁজু হৈছে। আজিৰ এই সভাত মোৰ লগত অসম চৰকাৰৰ মাননীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰনাথ শৰ্মা, সাংসদ তথা ৰাজ্যিক সাধাৰণ সম্পাদকদ্বয় তপন গগৈ তথা ডাঃ ৰাজদ্বীপ ৰয় আৰু কাছাৰ জিলা ভা.জ.পাৰ সভাপতি কৌশিক ৰায় উপস্থিত থাকে ৷








