কাছাৰ জিলাৰ উধাৰবন্দ বিধানসভা সমষ্টিয়ে ১০০+ৰ সপোনত শক্তিশালী ভূমিকা ল’ নতুনকৈ নিৰ্মান হোৱা অসমৰ প্ৰগতিৰ মানচিত্ৰখন সদায় সমৃদ্ধিৰে ৰঙীণ হৈ থকাৰ বাবে শাসনত বিজেপি দল থকাৰ বাহিৰে যে আন একো বিকল্প নাই এই কথাক মৰ্মে মৰ্মে উপলব্ধি কৰিছে অসমৰ জনসাধাৰণে। সেয়েহে সকলো নিৰ্বাচনী যুঁজতে ৰাইজে বিজেপি দলক আন্তৰিকতাৰে আকোঁৱালি লৈ ৰাইজক সেৱা কৰাৰ সুবিধা প্ৰদান কৰি আহিছে। আজি কাছাৰ জিলাৰ উধাৰবন্দ সমষ্টিত অনুষ্ঠিত হোৱা দলৰ সাংগঠনিক সভাত দলীয় কাৰ্যকৰ্তা সকলৰ সৈতে ভিন্ন সাংগঠনিক দিশ সম্পৰ্কত আলোচনা কৰি কাৰ্যকৰ্তা সকলক আহ্বান জনাওঁ যে- ৰাইজৰ মৰম আদৰৰ প্ৰতি সদায় শ্ৰদ্ধাশীল হৈ আগবঢ়াটো আৰু ৰাইজৰ মনৰ কথা বুজি সেৱা কৰি যোৱাটো আমাৰ প্ৰতিজন কাৰ্যকৰ্তাৰে প্ৰধান কৰ্তব্য। সকলো কাৰ্যকৰ্তাই যেন এই কৰ্তব্য নিষ্ঠাৰে পালন কৰে। নিষ্ঠা আৰু সততাৰে কৰা সেৱাৰ বলত ১০০+ৰ সপোনত সমল হৈ অন্যতম ভূমিকা উধাৰবন্দে ল’ব বুলি মই দৃঢ় বিশ্বাসী। আজিৰ এই সভাত মোৰ লগত অসম চৰকাৰৰ মাননীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰনাথ শৰ্মা, সাংসদ তথা ৰাজ্যিক সাধাৰণ সম্পাদকদ্বয় তপন গগৈ তথা ডাঃ ৰাজদ্বীপ ৰয়, উধাৰবন্দ সমষ্টিৰ বিধায়ক মিহিৰ কান্তি শোম, কাছাৰ জিলা ভা.জ.পাৰ সভাপতি কৌশিক ৰায় আৰু দলীয় বিষয়ববীয়াসকল উপস্থিত থাকে ৷






