বিজেপি চৰকাৰৰ নেতৃত্বত সুদৃঢ় হৈছে বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ সমন্বয়

বিজেপি চৰকাৰৰ নেতৃত্বত সুদৃঢ় হৈছে বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ সমন্বয়

অসমত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ গঠন হোৱাৰ পাছত তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই দায়িত্ব লোৱাৰ পাছৰে পৰাই বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ দুয়ো পাৰৰ ৰাইজ তথা কাৰ্যকৰ্তা সকলৰ মাজত সম্প্ৰীতি সমন্বয় সুদৃঢ় কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছিল আৰু এই প্ৰচেষ্টাই আজি ফল ধৰিছে কিয়নো মই    ন দিনীয়া ভ্ৰমণ সূচীৰে বৰাক ভেলীলৈ অহাৰে পৰা বিভিন্ন সভা-সমিতিত কাৰ্যকৰ্তা সকলৰ সৈতে দলীয় কথা-বতৰা কৰাৰ উপৰিও বহু লোকৰ সৈতে মত বিনিময় কৰি তেখেত সকলৰ মনৰ কথাৰ বুজ লৈছিলোঁ ।

Image may contain: 5 people, people standing

এই বিনিময় কালতে এগৰাকী ভদ্ৰলোকে অতি আন্তৰিকতাৰে ক’লে যে- বিজেপি চৰকাৰৰ আগতে অন্য চৰকাৰ থাকোতে বৰাক ভেলী আৰু ব্ৰহ্মপুত্ৰ ভেলীৰ মাজত এটি মানসিক দূৰত্ব আছিল কিন্তু বৰ্তমান সোণোৱাল ডাঙৰীয়াৰ চৰকাৰৰ নেতৃত্বত এই দূৰত্ব নাইকিয়া হ’ল। কেৱল ভাষণ প্ৰসংগতেই নহয় বাস্তৱ ক্ষেত্ৰটো দুয়োটা ভেলীকে এখন মানচিত্ৰত ৰাখি সমন্বয় আৰু প্ৰগতিৰ বাটত সমানে লৈ যোৱাৰ নিৰন্তৰ প্ৰয়াস কৰি আহিছে মাননীয় সোণোৱাল ডাঙৰীয়াই ৷ মুখ্যমন্ত্ৰী হোৱাৰ পাছত তেখেতে ২৬ বাৰ আৰু কেন্দ্ৰীয় মন্ত্ৰী হৈ থাকোতে ২০ বাৰৰ অধিক বৰাক ভেলী ভ্ৰমণেই প্ৰমাণ কৰে যে তেখেতে বৰাকৰ ৰাইজৰ প্ৰতি অতি আন্তৰিকতাৰে সেৱা কৰি আহিছে। দুই ভেলীৰ সমন্বয়ে ৰাজ্যখনক শক্তিশালী কৰাটো বিশেষ ভূমিকা লৈছে।