ৰাজ্যিক সভাপতি দায়িত্ব বহন কৰা চাৰি বছৰীয়া বৰ্ষপুৰ্তিত আজি অভিনন্দন জনোৱা সকলোকে মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ

ৰাজ্যিক সভাপতি দায়িত্ব বহন কৰা চাৰি বছৰীয়া বৰ্ষপুৰ্তিত আজি অভিনন্দন জনোৱা সকলোকে মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ🙏🙏

আজি কৰিমগঞ্জ জিলাত অনুষ্ঠিত হোৱা ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টিৰ বিধায়কসকল, কাৰ্যবাহী সদস্যসকল, যুৱ মৰ্চাৰ বিষয়ববীয়াসকল, জিলা সভাপতি সকল আৰু দলীয় কাৰ্যকৰ্তাসকলে মোক ৰাজ্যিক সভাপতি দায়িত্ব গ্ৰহণ কৰা ৪ বছৰীয়া বৰ্ষপুৰ্তিৰ উপলক্ষে অভিনন্দন জনায় ৷

তেখেতসকলৰ এই মৰম তথা আদৰ লাভ কৰি মই অভিভূত হোৱাৰ লগতে নিজকে ধন্য মানিছো ৷ তেখেতসকলৰ সহায়-সহযোগিতাৰ অবিহনে এইয়া সম্ভৱ নাছিল ৷ সকলোৰে উমৈহতীয়া প্ৰচেষ্টাৰ বলতেই মই সৰ্বকালৰ সফল ৰাজ্যিক সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ সক্ষম হৈছো ৷ আজিৰ এই শুভ দিনটোত সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু অনাগত দিনবোৰত আৰু অধিক উদ্যমেৰে বিৰামহীন ভাৱে দলৰ তথা অসমবাসী ৰাইজৰ প্ৰগতি আৰু বিকাশৰ স্বাৰ্থত অবিৰতভাৱে কাম কৰি যাম বুলি প্ৰতিজ্ঞাবদ্ধ হৈছো ৷