কৰিমগঞ্জ জিলা ভা.জ.পাৰ সভাপতিৰ নেতৃত্বত জিলাখনৰ কাৰ্যকৰ্তাসকলে দিনে নিশাই অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি সভাখনি সুন্দৰকৈ অনুষ্ঠিত কৰাৰ লগতে সভাত উপস্থিত সকলো সদস্যকে সুন্দৰকৈ আপ্যায়ন কৰাৰ বাবে মই তেখেতসকলক বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ৷

বৰাকভেলীৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাখন কৰিমগঞ্জ জিলাত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় ৷ এই সভাত উপস্থিত থাকি সভাখন সাফল্যমণ্ডিত কৰি তোলাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, অসম চৰকাৰৰ বিত্ত-স্বাস্থ্য-শিক্ষা-লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা, উত্তৰ-পূৱ ক্ষেত্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক অজয় জামৱাল, সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰনাথ শৰ্মাকে আদিকৰি সাংসদসকল, বিধায়কসকল, জিলা সভাপতিসকল, বিভিন্ন মৰ্চাসমূহৰ সভাপতিসকলৰ লগতে দলৰ সকলো স্তৰৰ বিষয়ববীয়া তথা কাৰ্যকৰ্তাসকলক মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো ৷ কৰিমগঞ্জ জিলা ভা.জ.পাৰ সভাপতিৰ নেতৃত্বত জিলাখনৰ কাৰ্যকৰ্তাসকলে দিনে নিশাই অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি সভাখনি সুন্দৰকৈ অনুষ্ঠিত কৰাৰ লগতে সভাত উপস্থিত সকলো সদস্যকে সুন্দৰকৈ আপ্যায়ন কৰাৰ বাবে মই তেখেতসকলক বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ৷

Image may contain: 7 people, people dancing, people standing, people on stage, night and outdoor