আজি শিলচৰত মাননীয় কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ উপস্থিতিত ভিডিঅ কনফাৰেন্স যোগে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সৈতে “প্ৰধানমন্ত্ৰী কৃষক কল্যাণ সন্মান নিধি” অনুষ্ঠানত অংশগ্ৰহণ কৰি আপ্লুত হ’লো ৷

সৰ্বজন প্ৰিয় প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ আজি পবিত্ৰ জন্মদিনত তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো ৷ বাজপেয়ী ডাঙৰীয়াৰ প্ৰতি শ্ৰদ্ধা জনাই তেখেতৰ জন্মদিনটোত প্ৰতি বছৰে “সু-শাসন দিৱস” হিচাপে পালন কৰি অহা হৈছে । সু-শাসন দিৱসৰ এই পবিত্ৰ ক্ষণত দেশৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি ৯ কৌটি কৃষকক “প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি”ৰ জৰিয়তে ১৮ হাজাৰ কোটি টকা তেখেত সকলৰ বেংক একাউন্টত DBT সহায়ত প্ৰদান কৰে ৷ আমাৰ অন্নদাতা কৃষকসকলৰ কল্যাণৰ বাবে লোৱা এই গুৰুত্বপূৰ্ণ পদক্ষেপৰ বাবে মাননীন প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে কৃষকসকলক মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।





