ৰাষ্ট্ৰদ্ৰষ্টা, ভাৰতৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ ১৩ ফুট দৈৰ্ঘৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি স্থাপন ৷

ৰাষ্ট্ৰদ্ৰষ্টা, ভাৰতৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ ১৩ ফুট দৈৰ্ঘৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি স্থাপন ৷ উত্তৰ-পূৱৰ ভিতৰত প্ৰথম শিলচৰত নিৰ্মাণ হোৱা এই মূৰ্তিৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াই শুভ উন্মোচন কৰে ৷ আধুনিক ভাৰতৰ যুগদ্ৰষ্টা, প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ আজি পৱিত্ৰ ওপজা দিন। সমগ্ৰ দেশ বাসীৰ হৃদয়ত বাস কৰা মহীৰূহ গৰাকী সদায় আমাৰ সাহসৰ উৎস। তেখেতৰ আৰ্দশই মোৰ জীৱনকো প্ৰভাৱিত কৰি সমৃদ্ধ কৰি আহিছে। মই ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব লোৱা ৪বছৰ সম্পূৰ্ণ হৈছে। মই দায়িত্ব লোৱাৰ প্ৰথম দিনটো আছিল বাজপেয়ী জীৰ ওপজা দিন ৷ এই পৱিত্ৰ দিনটোতে দায়িত্ব লাভ কৰা আৰু ৪ বছৰ সম্পূৰ্ণ কৰাটো মোৰ বাবে সদায় এটি ডাঙৰ আত্ম উপলব্ধি আৰু সেৱা কৰি যোৱাৰ মানসিক শক্তি। এই গৌৰৱময় অভিজ্ঞতাই মোৰ সেৱা মনোভাৱক সদায় শক্তি দি আহিছে। আজি উত্তৰ-পূবৰ ভিতৰত প্ৰথম শিলচৰত স্থাপন কৰা অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া ১৩ ফুট উচ্চতাৰ পূৰ্ণাংগ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকো৷ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াই শুভ উন্মোচন কৰা এই অনুষ্ঠানত মোৰ উপৰিও মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই অংশগ্ৰহণ কৰে ৷