“প্ৰগতি- সমৃদ্ধিৰ বাটত অসমৰ আৰু এটি সৱল খোজ। স্বাস্থ্য, শিক্ষা, ঐতিহ্য, আধ্যাত্মিকতাৰ ক্ষেত্ৰত ন দিগন্তৰ সূচনা, যুগান্তকাৰী পদক্ষেপ।”
মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই আজি আমিনগাঁৱত আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰি অসমৰ জনগণৰ হাতত অৰ্পণ কৰে চাৰিটাকৈ জনকল্যাণ মুলক বৃহৎ প্ৰকল্প তথা আঁচনিৰ।
স্বাস্থ্যখণ্ডত নৱ সংযোজন ঘটাই আজি আনুষ্ঠানিক ভাৱে গুৱাহাটীত দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ। ৭৫৫ কোটি টকাৰে নিৰ্মাণ হ’ব এই চিকিৎসা মহাবিদ্যালয়।
কেন্দ্ৰীয় ভাৱে (ভাৰ্চুৱেলী) ৯ খন আইন মহাবিদ্যালয়ৰ শুভাৰম্ভ
“অসম দৰ্শন” আঁচনিৰ অধীনত ৮০০০ নামঘৰলৈ অসম চৰকাৰৰ ২০০ কোটি টকা আৱন্টিত ধনৰে আৰ্থিক অনুদান প্ৰদানৰ আনুষ্ঠানিক শুভাৰম্ভনী।
১৮৮ কোটি টকা ব্যয়ৰে স্থাপন হ’ব লগা পৱিত্ৰ বটদ্ৰৱা থানৰ বিকাশ আৰু সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ আধাৰশিলা স্থাপন।
বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ এনে যুগান্তকাৰী পদক্ষেপেৰ বাবে মাননীয় কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সহিতে অসম চৰকাৰৰক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ।






