আজি মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা অসম ৰাজ্যিক বিজেপিৰ ক’ৰ কমিটিৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত উপস্থিত থাকোঁ ৷
উক্ত বৈঠকত মোৰ উপৰিও মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক শ্ৰী দিলীপ শইকীয়া, অসম চৰকাৰৰ মাননীয় মন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে ধৰি ৰাজ্যিক বিজেপিৰ আন কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে ৷ এই বৈঠকত ৰাজ্যখনৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত গভীৰভাৱে আলোচনা কৰা হয়।








