হস্তীকন্যা খ্যাত প্ৰতিমা বৰুৱা পাণ্ডে ডাঙৰীয়ানীৰ পূণ্যতিথিত তেখেতৰ কন্যা ভাৰতীয় জনতা পাৰ্টিত যোগদান ৷
আজি ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ত হস্তীকন্যা খ্যাত প্ৰতিমা বৰুৱা পাণ্ডে ডাঙৰীয়ানীৰ কন্যা প্ৰাক্তন কংগ্ৰেছ দলৰ সক্ৰিয় সদস্যা অলকা দেশাই মহোদয়াই ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিক ভাৱে যোগদান কৰে। ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আমাৰ দলত যোগদান কৰা অলকা দেশাই মহোদয়াক ভাৰতীয় জনতা পাৰ্টিলৈ স্বাগতম জনাইছো।






