সদ্য ঘোষিত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ পাৰিষদ সকলক ৰাইজৰ প্ৰগতি আৰু বিকাশৰ স্বাৰ্থত একত্ৰিত হৈ সেৱাৰ মনোভাৱেৰে কাম কৰি যাবলৈ আহ্বান জনালোঁ ৷
আজি জাগীৰোডত অনুষ্ঠিত ‘সম্বৰ্ধনা অনুষ্ঠান’ত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচিত প্ৰতিজন পাৰিষদ তথা পৰিষদৰ প্ৰতিটো সমষ্টিৰ তত্বাৱধায়ক আৰু সহ তত্বাৱধায়ক সকলক সম্বৰ্ধনা জ্ঞাপন কৰোঁ ৷ এই অনুষ্ঠানত মোৰ সৈতে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া, ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা, সাংসদ তথা তিৱা পৰিষদীয় নিৰ্বাচনৰ তত্বাৱধায়ত হৰেণ সিং বে, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰনাথ শৰ্মা, বিধায়কসকল ক্ৰমে ৰূপক শৰ্মা, ডিম্বেশ্বৰ দাস, ৰমাকান্ত দেউৰী, প্ৰাক্তন সাংসদ ৰাজেন গোঁহাই লগতে দলীয় কাৰ্যকৰ্তা সকল উপস্থিত থাকে ৷








