“বৃন্দাবনী বস্ত্ৰ” মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ অনুপম সৃষ্টিৰাজিৰ অন্যতম । জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ পথনিৰ্দেশনাত অসমীয়া শিপিনী সকলে বৈ উলিওৱা “বৃন্দাবনী বস্ত্ৰ” অসমীয়া শিপিনী সকলৰ শিল্প-নৈপুণ্যৰ অপূৰ্ব নিদৰ্শন । ষষ্ঠদশ শতিকাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তত্বাৱধানত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া মথুৰা দাস বুঢ়া আতাই বাৰ গৰাকী শিপিনীৰ সহায়ত বৈ উলিওৱা বস্ত্ৰখনি অসমীয়াৰ জাতীয় ঐতিহ্য হিচাপে বিবেচিত হৈ আহিছে । মূল বস্ত্ৰখনিৰ অংশবিশেষ ইংলেণ্ডৰ ভিক্টৰিয়া আৰু এলবাৰ্ট মিউজিয়াম আৰু পেৰিছৰ মিউজী গিমেট মিউজিয়ামত সংৰক্ষিত হৈ আছে ; যিভাগ অসম বিধান সভাৰ অধ্যক্ষ হৈ থকা কালত স্ব-চক্ষে প্ৰত্যক্ষ কৰাৰ সৌভাগ্য হৈছিল । প্ৰতি গৰাকী গৰ্বিত অসমীয়াৰ আদৰৰ এই “বৃন্দাবনী বস্ত্ৰ” সম্পৰ্কে থকা অনুসন্ধিৎসা দূৰ কৰিবৰ বাবে সু-লেখক মৃণাল কলিতা দেৱৰ এই মহান প্ৰয়াস একেষাৰে প্ৰশংসনীয় । তেখেতলৈ আন্তৰিক অভিনন্দন । আজি গ্ৰন্থ খনিৰ উন্মোচনী অনুষ্ঠানটিত মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তথা আন গণ্য-মান্য ব্যক্তি সকলেৰে উপস্থিত থাকিবলৈ পাই নিজকে ধন্য মানিছোঁ ।





