শ্ৰীশ্ৰী মাধৱদেৱ আন্তজাৰ্তিক প্ৰেক্ষাগৃহ, শংকৰদেৱ কলাক্ষেত্ৰ, গুৱাহাটীত আজি অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশ “চাহ মৰ্চা”ৰ সাংগঠনিক সভাত উপস্থিত থাকি কাৰ্যকৰ্তা সতীৰ্থ সকলৰ সৈতে আগন্তুক ২০২১ ৰ নিৰ্বাচন আৰু মৰ্চাৰ বহু সাংগঠনিক দিশ সম্পৰ্কত বিশদ ভাবে আলোচনা কৰোঁ।

২১ ৰ নিৰ্বাচনত ” চাহ মৰ্চা” ৰ কাৰ্যকৰ্তা সকলৰ দায়িত্ব অপৰিসীম। বিজেপি নেতৃত্বাধীন অসম চৰকাৰে দায়িত্ব লাভ কৰাৰ পিছৰে পৰা চাহ জনগোষ্ঠীয় ভাই- ভণী সকলৰ বাবে যি নিৰন্তৰ প্ৰগতি আৰু উন্নয়ণৰ কাম কৰিছে তাক অতি দক্ষতাৰে তুলি ধৰি আৰু নিষ্ঠাৰে অনাগত সময়ত সেৱা অব্যাহত ৰখাৰ পৰিবেশ যুগুত কৰাৰ গুৰু দায়িত্ব মৰ্চাৰ সতীৰ্থ কাৰ্যকৰ্তা সকলৰ। মৰ্চাৰ কাৰ্যকৰ্তা সকলৰ নিষ্ঠা, সততা আৰু উদ্যমেৰে গঢ়া সেৱাই ২১ত আমাৰ ১০০+ ৰ সপোন সাকাৰ ৰূপ দিয়াত অন্যতম মুখ্য ভূমিকা ল’ব বুলি মই নিশ্চিত।

আজিৰ সভাত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্য চৰকাৰৰ মন্ত্ৰী সঞ্জয় কিষাণ সাংসদ তথা ৰাজ্যিক সাধাৰণ সম্পাদক পল্লব লোচন দাস, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, চাহ মৰ্চাৰ সভাপতি প্ৰহ্লাদ গোৱালা, ৰাজ্যিক বিজেপিৰ উপ- সভাপতি পুলক গোঁহাইৰ লগতে দলীয় বিষয়ববীয়াসকল উপস্থিত থাকে।