আজি গোলাঘাট বিধানসভা সমষ্টিৰ যোগদান সভাত ১৫ সহস্ৰাধিক কংগ্ৰেছ দলৰ কৰ্মীয়ে বিজেপিত যোগদান কৰে ৷ গোলাঘাট বিধানসভা সমষ্টিত আজি অনুষ্ঠিত হোৱা যোগদান সভাত অংশগ্ৰহণ কৰোঁ ৷ কংগ্ৰেছ দলৰ পৰা প্ৰায় ১৫ সহস্ৰাধিক কৰ্মীয়ে আজি ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ তথা বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ প্ৰতি আস্থা ৰাখি দলেবলে যোগদান কৰে ৷ আজি যোগদান কৰা প্ৰতিজন কাৰ্যকৰ্তাকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে অনাগত দিনত সকলোকে সমৰ্পিত মনোভাৱেৰে ৰাইজৰ সেৱা কৰি যাবলৈ আহ্বান জনালোঁ ৷ আজিৰ এই যোগদান সভাত মোৰ সৈতে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী তথা নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সাংসদ তথা ৰাজ্যিক সাধাৰণ সম্পাদক তপন কুমাৰ গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, খুমটাইৰ বিধায়ক মৃণাল শইকীয়া, প্ৰাক্তন কংগ্ৰেছৰ বিধায়িকা তথা বিজেপিৰ নতুন সদস্য অজন্তা নেওঁগ, গোলাঘাট জিলা ভাঃজঃপাঃৰ সভাপতি দেৱ প্ৰতিম বৰাৰ লগতে দলীয় বিষয়ববীয়া সকল উপস্থিত থাকে ৷







