“শিলচৰত অনুষ্ঠিত বিজয় সংকল্প সমাৱেশত উপস্থিত থকা বিশাল জনসভাই প্ৰমাণ কৰিলে বৰাক-ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে ফুলিব কেৱল পদুম”

“শিলচৰত অনুষ্ঠিত বিজয় সংকল্প সমাৱেশত উপস্থিত থকা বিশাল জনসভাই প্ৰমাণ কৰিলে বৰাক-ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে ফুলিব কেৱল পদুম”

ৰাইজৰ বিপুল সঁহাৰি আৰু উৎসাহ-উদ্যমৰে মাজৰে আজি শিলচৰৰ আৰক্ষী পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত বিজয়সংকল্পসমাৱেশ সম্বোধন কৰে ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা ডাঙৰীয়াই। উক্ত সভাত উপস্থিত থাকি যথেষ্ট উৎফুল্লিত হোৱাৰ লগতে সভাত বিশাল সংখ্যক ৰাইজৰ উপস্থিতি দেখি আগন্তুক ২০২১ বিধানসভা নিৰ্বাচনত বৰাকত পদুম ফুলিব বুলি নিশ্চিত হৈছো ৷ বিশাল সংখ্যক কাৰ্যকৰ্তা আৰু ৰাইজৰ অংশগ্ৰহণৰে অনুষ্ঠিত সভাত মাননীয় নাড্ডা ডাঙৰীয়াৰ উপস্থিতিয়ে সকলোকে অপৰিসীম সাহস আৰু উৎসাহ যোগালে। আগন্তুক ২০২১ ৰ নিৰ্বাচনৰ হেতু বিজয় সংকল্পৰ লক্ষ্যৰে অনুষ্ঠিত এই সভাই আগন্তুক নিৰ্বাচনলৈ আমাৰ প্ৰতিজনক সেৱা কৰাৰ প্ৰেৰণা দি যাব। এই সভাত মোৰ সহিতে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, অসম চৰকাৰৰ মাননীয় মন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে আৰু দলীয় বিষয়ববীয়াসকল উপস্থিত থাকে ৷

Bharatiya Janata Party (BJP)

J.P.Nadda