আজি মাঘবিহুৰ প্ৰথম দিনটোত পুৱাৰে পৰা ৰাজ্যবাসী আৰু কাৰ্যকৰ্তা বন্ধুসকলৰ মঙ্গল কামনাৰ্থে বৰপেটাৰোড শাখা সত্ৰ, মহাপ্ৰভূ শ্ৰীশ্ৰী গৰখীয়া গোসাঁই থান, গাড়ীগছ সেৱা আশ্ৰম, শ্ৰীশ্ৰী ভোগেশ্বৰ আশ্ৰম আৰু তেপতাৰী সত্যধৰ্ম আশ্ৰম দৰ্শন কৰি সেৱা আগবঢ়াওঁ ৷ ভোগালী বিহুৰ উৎসৱমুখৰ পৰিৱেশৰ মাজত মাঘৰ পহিলা দিনটোত পাঁচখন আশ্ৰম দৰ্শন কৰি পৰমেশ্বৰৰ ওচৰত সেৱা আগবঢ়োৱাৰ লগতে জ্যেষ্ঠজনক ভক্তিপূৰ্ণ সেৱা আগবঢ়াওঁ ৷ নাম প্ৰসংগৰ মঙ্গল ধ্বনিৰে মুখৰিত আধ্যাত্মিক পৰিৱেশত দিনটো অতিবাহিত কৰি মনটোত এক প্ৰশান্তি অনুভৱ কৰিছোঁ ৷ প্ৰভূ ভগৱন্তই সকলোৰে মনোবাঞ্চা পূৰণ কৰক তাকেই কামনা কৰিছোঁ ৷








