ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আস্থা প্ৰদৰ্শন কৰি আজি টিহুত সহস্ৰাধিক লোকে দলত যোগদান কৰে ৷

ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আস্থা প্ৰদৰ্শন কৰি আজি টিহুত সহস্ৰাধিক লোকে দলত যোগদান কৰে ৷ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিয়ে সাম্প্ৰতিক সময়ত দেশৰ সকলো স্তৰৰ ৰাইজৰ মাজত আস্থাভাজন হৈ পৰিছে ৷ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে প্ৰগতি, উন্নয়ন আৰু বিকাশেৰে এতিয়া সৰ্বস্তৰৰ ৰাইজৰ আপোন হৈ পৰিছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত আজি টিহুত আয়োজন হোৱা যোগদান কাৰ্যসূচীত ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আস্থা ৰাখি সহস্ৰাধিক লোকে আনুষ্ঠানিকভাৱে যোগদান কৰে ৷ উক্ত যোগদান কাৰ্যসূচীত উপস্থিত থাকি মই অতিশয় আনন্দিত হৈছো ৷ এই বৃহৎ সংখ্যক কাৰ্যকৰ্তাৰ যোগদানে দলৰ ভেটি অধিক মজবুত কৰি তুলিব ৷