পুতলা নাচ শিল্পক আৰু অধিক উজ্জীৱিত কৰি অধিক প্ৰসাৰৰে জীয়াই ৰাখিবলৈ আৰু ইয়াৰ লগত জড়িত হৈ থকা শিল্পী সকলৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত কিছু পদক্ষেপ ল’বৰ বাবে এখনি আলোচনাত মিলিত হওঁ ৷

পাটাচাৰকুচিৰ ভালুকী গাঁৱৰ নিবাসী ৰাজেন দাসৰ পৰিচালনাৰে পুতলা নাচৰ ওপৰত নিৰ্মাণ কৰা “Life in Papet” নামৰ কথাছবিখনত অভিনয় কৰা জনপ্ৰিয় অভিনেত্ৰী #আশা_বৰদলৈয়ে শ্ৰেষ্ঠ অভিনেত্ৰী সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৷ আজি পৰিচালক ৰাজেন দাসৰ বাসগৃহত উপস্থিত হৈ তেখেতক এখনি ফুলাম গামোছা আৰু শৰাই দি সম্বৰ্ধনা জনোৱাৰ লগতে শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ অৰ্জন কৰা আশা বৰদলৈক আন্তৰিক অভিনন্দন জ্ঞাপন কৰোঁ ৷

আগন্তুক দিনত পুতলা নাচ শিল্পক আৰু অধিক উজ্জীৱিত কৰি অধিক প্ৰসাৰৰে জীয়াই ৰাখিবলৈ আৰু ইয়াৰ লগত জড়িত হৈ থকা শিল্পী সকলৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত কিছু পদক্ষেপ ল’বৰ বাবে এখনি আলোচনাত মিলিত হওঁ ৷ এই আলোচনাত পুতলা নাচৰ শিল্পীসকল আৰু শিক্ষাৰ্থীসকলক লৈ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ ভিতৰত এখন কৰ্মশালাৰ আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আমাৰ সোণালী পৰম্পৰাক অধিক সম্ভ্ৰান্ত কৰি অহা পুতলা নাচক অনাগত সময়ত বুকুত স্বাভিমানৰে জীয়াই ৰখাৰ বাবে আমি বদ্ধপৰিকৰ।