আজি অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টি, যুৱ মৰ্চা,অসম প্ৰদেশৰ “সামাজিক মাধ্যমৰ” কৰ্মশালাত উপস্থিত থাকি যুৱ কাৰ্যকৰ্তা সকলৰ সৈতে মত বিনিময় কৰোঁ।

আজি অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টি, যুৱ মৰ্চা,অসম প্ৰদেশৰ “সামাজিক মাধ্যমৰ” কৰ্মশালাত উপস্থিত থাকি যুৱ কাৰ্যকৰ্তা সকলৰ সৈতে মত বিনিময় কৰোঁ।

যুৱ কাৰ্যকৰ্তা সতীৰ্থ সকলৰ অফুৰন্ত উদ্যম সেৱা মনোভাৱেৰে সংপৃক্ত আগ্ৰহ তথা উজ্জীৱিত দুচকুৰে ৰাইজৰ সেৱাৰ বাবে সাঁজু হৈ থকা মনবোৰ দেখি অতিশয় আনন্দিত আৰু মুগ্ধ হ’লোঁ।”সামাজিক মাধ্যম” ৰ দায়িত্বত থকা যুৱ কাৰ্যকৰ্তা সকলৰ ‘২১ ৰ নিৰ্বাচনৰ এই সময়খিনিত অপৰিসীম দায়িত্ব আছে। তেখেতসকলক মই অতি সাৱধানতাৰে, নিষ্ঠাৰে নিজ নিজ দায়িত্ব পালন কৰিবলৈ অনুৰোধ জনাইছোঁ।আমাৰ চৰকাৰৰ জনকল্যাণ মুলক আঁচনি আৰু পদক্ষেপ সমূহ তেখেতসকলক অতি নিয়াৰীকৈ ৰাইজৰ মাজলৈ লৈ যোৱাৰ লগতে অপশক্তি সমূহে নিৰন্তৰ চলাই থকা অপপ্ৰচাৰ সমূহ অতি শক্তিশালী ভাৱে প্ৰত্যাহ্বান জনাবলৈ আহ্বান জনাইছোঁ আৰু প্ৰতিজনকে শুভেচ্ছা জনাইছোঁ।আজিৰ এই কৰ্মশালাত মোৰ সহিতে মাননীয় মুখ্যমন্ত্ৰীSarbananda Sonowal ডাঙৰীয়া,ৰাষ্ট্ৰীয় তথ্য প্ৰযুক্তি বিভাগৰ মুখ্য আহ্বায়ক অমিত মালৱীয়া ডাঙৰীয়া, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক Dilip Saikia , যুৱ মৰ্চাৰ সভাপতি অনুপ বৰ্মনকে আদি কৰি দলীয় বিষয়বীয়া সকল উপস্থিত থাকে।